আজিৰে পৰা নীল বাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন

ডিজিটেল ডেস্কঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিবেশন শনিবাৰৰ পৰা আৰম্ভ হৈছে যমুনামুখ সমষ্টিৰ অন্তৰ্গত নীল বাগানত। এই কবি সন্মিলনৰ অধিবেশন আজি পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ শতাধিক কবি-প্ৰতিনিধি, প্ৰায় ৩ শতাধিক অতিথি কবিসহ মুঠ ৭০০ কবি-অতিথিয়ে অংশ ল’ব এই অধিবেশনত। ইফালে এই মধ্যকালীন অধিবেশনৰ আৰম্ভণিতে আয়োজক মণ্ডলী কিছু অসুবিধাৰ সন্মুখীন হৈছিল।
৭ লাখ টকাৰ বাজেটেৰে ৪ দিন ধৰি চলিবলগীয়া এই কবি সন্মিলনৰ বাবে ৪ দিনৰ খাদ্য স্থানীয় বিধায়ক হিচাবে চিৰাজোদ্দীন আজমলে যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেষ মুহূৰ্তত এদিনৰো খাদ্য দিব নোৱাৰো বুলি আয়োজকসকলক জনায়। আয়োজকসকলে আজমল ফাউণ্ডেশ্যনৰ মহা প্ৰবন্ধক খচৰুল ইছলামক যোগাযোগ কৰাত তেওঁ সেয়া সম্ভৱ নহয় বুলি জানিবলৈ দিয়ে।

বদৰুদ্দিন আজমলক তেওঁলোকে যোগাযোগ কৰাত এই সহায় কৰিব নোৱৰা বাবে দুখিত বুলি কৈ আজমলেও গা এৰা দিয়ে। এনে পৰিস্থিতিত শেষ মুহূৰ্তত অঞ্চলবাসীৰ পৰা দাইল চাউল সংগ্ৰহ কৰি খাদ্যৰ ব্যৱস্থা কৰে আয়োজকসকলে।
লক্ষ্যণীয় যে, ৰাজ্যৰ কবিসকলৰ এই বৃহৎ সংগঠনৰ মধ্যকালীন অধিবেশনক লৈ আজমল তথা আজমলৰ ভাতৃদ্বয়ে প্ৰতিশ্ৰুতি দি এনে আচৰণ কৰাত ক্ষোভিত হৈ পৰিছে আয়োজকসকল।
The post আজিৰে পৰা নীল বাগানত অসম কবি সন্মিলনৰ মধ্যকালীন অধিবেশন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DHs6gz
via IFTTT
Comments
Post a Comment