নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে মিত্ৰতা ভংগ কৰিব অগপই

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত অসম গণ পৰিষদৰ স্থিতি আকৌ এবাৰ স্পষ্ট কৰিলে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। শনিবাৰে দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অতুল বৰাই কয় যদিহে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰে তেন্তে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব অগপই।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অতুল বৰাৰ নেতৃত্বত শুকুৰবাৰে পাটনালৈ ৰাওনা হৈছিল অগপৰ এটা সাতজনীয়া দল। বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠন কৰাৰ উদ্দেশ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিব অগপ দলটোৱে।

The post নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে মিত্ৰতা ভংগ কৰিব অগপই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NM0Ge2
via IFTTT

Comments