৩১ অক্টোবৰৰ পৰা নগাঁৱত উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা-২০১৮ আৰম্ভ

ডিজিটেল সংবাদ, নগাঁওঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অহা ৩১ অক্টোবৰৰ পৰা ‌৭ নৱেম্বৰলৈকে নগাঁৱত অনুষ্ঠিত হ’ব উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা-২০১৮। শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্য উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত আয়োজন কৰা হৈছে ষষ্ঠ সংখ্যক উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা।

ইতিমধ্যে গ্ৰন্থমেলাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক সভাপতি, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি আৰু মুনীন্দ্ৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া গ্ৰন্থমেলা সমিতিখন গঠন কৰাৰ লগতে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰিব লগা ” আলোকৰ যাত্ৰা” শীৰ্ষক স্মৰণিকাখনৰ সম্পাদনাৰ দায়িত্ব প্ৰদান কৰিছে অধ্যাপক ড মিলন নেওঁগক।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক, কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক পৃষ্ঠপোষক হিচাপে লৈ গ্ৰন্থমেলা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে। উক্ত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যখনৰ লগতে দেশৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠীসমূহক সমিতিয়ে নিমন্ত্ৰণ জনাইছে আৰু বহু সংখ্যক প্ৰকাশন গোষ্ঠীয়ে ইতিমধ্যে যোগাযোগ কৰা বুলিও গ্ৰন্থমেলা সমিতিয়ে জানিবলৈ দিছে।

গ্ৰন্থমেলাৰ দিন কেইটাত নগাঁৱৰ বহু কেইখন বিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়, সংগীত বিদ্যালয়ে প্ৰতিটো সন্ধিয়াই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ উপৰিও কেইবাটাও সংগঠনে আলোচনা চক্ৰ অনুষ্ঠিত কৰিব। তদুপৰি শিশু সকলৰ মাজত ৰং সনা, চিত্ৰাংকন, ৰচনা,কবিতা আবৃত্তি,সাধুকোৱা, কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰিছে।

গ্ৰন্থমেলাৰ দিন কেইটাত কোনো প্ৰকাশক বা লেখকে গ্ৰন্থ উন্মোচন কৰিব বিচাৰিলে আগতীয়াকৈ সমিতিৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।সমুহ গ্ৰন্থপ্ৰেমী, প্ৰকাশন গোষ্ঠী, লিখক,পাঠক আৰু শুভাকাংখীকে গ্ৰন্থমেলাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিয়ে অনুৰোধ জনাইছে।

The post ৩১ অক্টোবৰৰ পৰা নগাঁৱত উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা-২০১৮ আৰম্ভ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zDSXWQ
via IFTTT

Comments