৭টা ৰাইফল, ৮শতাধিক গুলীসহ মহানগৰীত উদ্ধাৰ অস্ত্ৰৰ ভাণ্ডাৰ, আৰক্ষীৰ তালাচী অব্যাহত

- মহানগৰীৰ পল্টনবজাৰৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বৃহণ পৰিমাণৰ মাৰণাস্ত্ৰ।
- নিৰোদ ডেকা নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৭টা ৰাইফল আৰু ৮শতাধিক সক্ৰিয় গুলী।
- অৰিয়েণ্টল বেংক অৱ কমাৰ্চৰ পৰা লোকজনে লৈছিল ঋণ।
- সেই ঋণ পৰিশোধ নকৰাৰ বাবে জব্দ কৰিবলৈ আহিছিল বেংক কৰ্তৃপক্ষই ঘৰটো।
- ৪০ লাখ টকা ঋণ লৈছিল ব্যক্তিজনে।
- ঘৰটো খালী কৰা সময়তে উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু গুলী।
- ইতিমধ্যে ঘৰটোত আৰক্ষীৰ বৃহৎ দলে চলাই আছে তালাচী।
The post ৭টা ৰাইফল, ৮শতাধিক গুলীসহ মহানগৰীত উদ্ধাৰ অস্ত্ৰৰ ভাণ্ডাৰ, আৰক্ষীৰ তালাচী অব্যাহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NQblEH
via IFTTT
Comments
Post a Comment