১৫ লাখ টকা পানীত, বোকাময় হৈ থাকিল অভয়াপুৰী-ভোমাপাৰা ডেৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ এটা ডেৰ কিল’মিটাৰ দৈৰ্ঘৰ পথ ৷ আচলতে পথ নে পুখুৰী ধৰিব নোৱাৰি ৷ এই পথচোৱা মেৰামতিৰ বাবে ২০০৯ চনতেই চৰকাৰে মুকলি কৰি দিছিল ১৫ লাখ টকা। কিন্তু পথচোৱাত মাত্ৰ কেইটামান শিলগুটি পেলায়েই দায়িত্ব সামৰিলে কলবাৰী গাওঁ পঞ্চায়তে।
বাৰিষাৰ দিনত একাঠু ফালি পথটোৰে বিদ্যালয়লৈ যায় প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী৷ পথটোৰে চহৰলৈ নিতৌ অহা-যোৱা কৰে নিকটৱৰ্তী গাঁওৰ ৰাইজ৷ ১৫ লাখটকীয়া এই বোকাময় পথটো আছে অভয়াপুৰীত। অভয়াপুৰী চহৰৰ পৰা ভোমাপাৰা গাঁওলৈ ডেৰ কিল’মিটাৰ দৈৰ্ঘৰ এইটো পথ৷ ২০০৯ চনত চৰকাৰে পথটোৰ মেৰামতিৰ বাবে ১৫ লাখ টকা মোকলাই দিছিল যদিও বৰ্তমান পথটোত বাৰিষা একাঠু পৰ্যন্ত হয় বোকা৷
অভয়াপুৰী চহৰৰ মাত্ৰ ১০০ মিটাৰ দূৰত্বৰ পৰা আৰম্ভ হোৱা পথটো মেৰামতিৰ বাবে চৰকাৰ তথা উক্ত সমষ্টিৰ বিধায়ক অনন্ত মালোই দিয়া নাই কোনো গুৰুত্ব৷ ৰাইজে ইতিমধ্যে বহুবাৰ পথটোৰ মেৰামতিৰ বাবে দাবী জনাই আহিছে যদি উদ্ধৰ্তম কৰ্তৃপক্ষই দিয়া নাই কোনো গুৰুত্ব।
আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে পথচোৱা মেৰামতি নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে গাঁওবাসীয়ে ৷ উল্লেখ্য পথটোৱে দেওহাটি আৰু ভোমাপাৰা নামৰ দুখন গাঁওক অভয়াপুৰী চহৰৰ পৰা সংযোগ কৰিছে ৷
The post ১৫ লাখ টকা পানীত, বোকাময় হৈ থাকিল অভয়াপুৰী-ভোমাপাৰা ডেৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NRXZaO
via IFTTT
Comments
Post a Comment