নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ভেলৌখালত বনৰীয়া হাতীৰ কঙ্কাল উদ্ধাৰ

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ভেলৌখালত ৰহস্যজনক অৱস্থাত এটি বনৰীয়া হাতীৰ কঙ্কাল উদ্ধাৰ হৈছে৷ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা বনৰীয়া হাতীটোৰ কংকালত দাঁত দুটা নথকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।উক্ত বনৰীয়া হাতীটো কেইবাদিনৰ পূৰ্বেই চোৰাং-চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে।
আনহাতে,উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈছিল যদিও মৃত হাতীটোৰ মৃতদেহৰ ওপৰত নিমখ ছটিয়াইয়ে বন বিভাগে দায়িত্ব সামৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বন বিভাগৰ উচিত তদন্ত কৰাৰ পাছতহে পোহৰলৈ আহিব বনৰীয়া হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
ইয়াৰোপৰি একাংশ স্থানীয়লোকে মৃত বনৰীয়া হাতীটোৰ ওচৰতে আন এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে বিচৰণ কৰি থকাৰ কথাও জানিবলৈ দিছে। বন বিভাগে বনৰীয়া হাতীটোৰ ওপৰত নিমখ ছটিয়াই দায়িত্ব সামৰাৰ ঘটনাক প্ৰকৃতিপ্ৰেমীসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে৷
The post নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ভেলৌখালত বনৰীয়া হাতীৰ কঙ্কাল উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Rc6HyC
via IFTTT
Comments
Post a Comment