কলগাছিয়া আৰক্ষী থানাত সজাগতা সভা

ডিজিটেল ডেস্ক, কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাত আজি এটি গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। আজি দিনৰ ১২ বজাত থানা প্ৰাঙ্গনত নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰবক্তা তথা কলগাছিয়া শান্তি সমিতিৰ সভাপতি এম নাজমুল হকৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে। উক্ত সভাত অংশ গ্ৰহণ কৰি বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদে কয় যে লৰা ছোৱালীৰ প্ৰতিগৰাকী অভিভাৱক সজাগ আৰু দায়িত্বশীল হলে ছাইবাৰ ক্ৰাইম, নিচাসক্ততা, প্ৰেমজনীত অপৰাধ মাৰপিট আদি ঘটনা হ্ৰাস পাব বুলি দৃঢ়তা প্ৰকাশ কৰে। উক্ত সভাত সাংবাদিক শ্বহিদুল ইছলাম, সমাজকৰ্মী চান মাহমুদ, কলগাছিয়া প্ৰেছ ক্লাৱৰ সম্পাদক দোস্ত হাফিজুৰ ৰহমান, ভি.টি.পি সম্পাদক আবুল কাশেম প্ৰমুখ্যে সকলে ভাষণত নথি পত্ৰ বিহীন মোবাইল চিম বিক্ৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে যথা সম্ভৱ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা, ৰাতি আৰক্ষীৰ ভ্ৰাম্যমাণ নিৰীক্ষণ বৃদ্ধি কৰা, বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত আৰক্ষীয়ে অধিক ভূমিকা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে সাংবাদিক দোস্ত হাফিজুৰে ভিটিপি, গাওঁবুঢ়া আৰু থানাৰ লগত ৰাখি সংযোগ থকা হোৱাটছ গ্ৰুপ খুলি থানা এলেকাৰ প্ৰতিখন অঞ্চলৰ শেহতীয়া পৰিস্থিতি অতি সোনকালে অৱগত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়।
The post কলগাছিয়া আৰক্ষী থানাত সজাগতা সভা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2xH3jnx
via IFTTT
Comments
Post a Comment