মহানগৰীত ঘৰে ঘৰে গেছ যোগান আঁচনি! স্থাপন কৰা হৈছে গেছৰ পাইপ লাইন

- দুলীয়াজান-নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীৰ সংবাদমেল।
- সংগবাদমেলত গুৱাহাটী মহানগৰীত গেছ যোগান সম্পৰ্কে ঘোষণা অধ্যক্ষজনৰ।
- ‘শীঘ্ৰে গুৱাহাটীত পাইপ লাইনৰে ঘৰে ঘৰে গেছৰ যোগান ধৰা হ’ব।’
- ‘বাৰাউনীৰ পৰা গেছ আমদানিৰ বাবে স্থাপন কৰা হৈছে পাইপ।’
- ‘ডেৰ বছৰত সম্পূৰ্ণ হ’ব এই নিৰ্মাণ।’
- ৪ হাজাৰ কোটি টকা খৰচেৰে পাইপ লাইন স্থাপনৰ কথা ক’লে ৰূপম গোস্বামীয়ে।
- ২০১৭-১৮ বৰ্ষৰ ডি এন পিৰ ৰাজহৰ কথাও ক’লে তেওঁ।
- ডি এন পিয়ে ২০১৭-১৮ বৰ্ষত সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ৮০.৬ কোটি টকা।
- তুলনামূলক ভাৱে ৰাজহ সংগ্ৰহৰ হাৰ ২০১৭-১৮ত ৩৯.৫১% বৃদ্ধি হোৱাৰ কথাও সংবাদমেলত ক’লে ৰূপম গোস্বামীয়ে।
The post মহানগৰীত ঘৰে ঘৰে গেছ যোগান আঁচনি! স্থাপন কৰা হৈছে গেছৰ পাইপ লাইন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qi8HUN
via IFTTT
Comments
Post a Comment